নিয়ৰ
সি
খালি দৌৰিছে। গৰমত
ঘামি জামি গোটেইটো তুলবুলীয়া হৈ পৰিছে। সকলোৱে
অলপ জিৰণি ল'ব মাতি
আছে, পিছে কাৰো কথা শুনিব তাৰ সময় নায়। ঘামত
তিতা চুলিকোচা ৰ'দত জিকমিকাই
আছে। কঁপালৰ
ঘামবোৰ ডিঙিৰে বৈ আহি গোটেই শৰীৰটো তিয়াই পেলাইছে।
: নি...য়...ৰ। আহা
বাবু..অলপ ৰেষ্ট লোৱা।
: পানী
খাবানে, অলপ?
বহি
থকাৰ পৰা মানুহ এগৰাকীয়ে মাত লগাইছে।
সকলোৰে
দৃষ্টি আঢ়ৈ বছৰীয়া ল'ৰাটোৰ ওপৰত। তাৰ
পিছে কালৈকো গুৰুত্ব নাই। মানুহবোৰ
কিয় জমা হৈছে, কোনে কি কৰিছে, সেইবোৰ তাৰ চিন্তাৰ বিষয় নহয়। তাক
খালি দৌৰিব লাগে। সেইটোৱেই
তাৰ খেলা। ৰ'দ, গৰম সি একো বুজি নাপায়। অকলে
অকলে দৌৰিয়েই সি আনন্দ পাইছে।
তিনি
দিনিয়া গণেশ উৎসৱৰ সামৰণি আজি। কলনীটোৰ
সকলোৱে মিলি একেলগে এসাঁজ খোৱাৰ দিহা কৰা হৈছে। গণেশৰ
মূৰ্ত্তিৰ ওচৰত কিছুমানে ছাউণ্ড ছিচটেমটোৰ তালে তালে নাচি আছে।
নিয়ৰৰ
সমবয়সীয়া বা অলপ ডাঙৰবোৰ বিভিন্ন গ্ৰূপত বেলেগে বেলেগে খেলাত ব্যস্ত। সি
সেই গ্ৰূপবোৰত নায়। কাৰণ
ইয়াৰ স্থানীয় ভাষাটো সি নাজানে আৰু সেয়েহে লগৰবোৰে তাক সদাই দূৰত ৰাখে। সি
নিজেই ব্যস্ত হব চেষ্টা কৰি চাৰিওফালে অকলে অকলেই দৌৰি ফুৰিছে।
দৌৰি
দৌৰি এবাৰ মাকক আহি সুধিলে.........
: আউ
মো ঘামবোঅ কি হৈটেনো মা? কিয়নো ইমান দুত্ ট হৈটে? মই
ভিদি ভিদি চেচ্।
শব্দবোৰ
সি ভালদৰে উচ্চাৰণ কৰিব নোৱাৰে। ঘৰত
অসমীয়া শিকাইছো যদিও ভালদৰে ক'ব পৰা
হোৱা নায়। 'ৰ'
আৰু 'ল' টো থাকিয়েই যাই শব্দৰ মাজত। তেনেকুৱা
আৰু বহুতো খেলিমেলি আছে। দৌৰোতে
ঘামি জামি অবস্থা বেয়া হোৱা কথাটো বুজাব খুজিছে মাকক।
: হয়নে?
ঘামবোৰহে দুষ্ট হ’লনে তোমাৰ?
ব’লা ঘৰ যাওঁ, পিছত আহিম।
মাকৰ
চেষ্টা ল’ৰাটোক অলপ
জিৰণি দিয়াৰ। চাদৰখনেৰে
তাৰ ঘামবোৰ মচি কোলাত বহাই ল'ব চেষ্টাও
কৰিলে।
: নাদাওঁ,
আদি ইয়াতে থাতিম্। মো
ফেন্ড আতে। মই
ঠেলিতো।
: ইম্মান
ৰ’দ দিছে ন.....পিছত খেলিবা দিয়া ফ্ৰেণ্ডৰ লগত।
নাই,
পিছৰ ফালে শুনিব সি নৰখিলেই তাত। আকৌ
দৌৰ দিলে। কি
কৰিম কি নকৰিম হৈ মাকো তাতেই বহি ৰ’ল।
ৰ’দটোও আজি বেছিকৈহে ওলাইছে। গণেশ
দেৱতাই অলপ দয়া কৰি ৰ’দটো কমালেই
কমোৱা। ঘামত
তিতি তাৰ প্ৰায়েই জ্বৰটো উঠে। যোৱা
এসপ্তাহৰ পৰা গাটোও বেয়া।
: ঘৰৰ
পৰা বেছিকে নোলাই কাৰণে সি এনেদৰে খুউব ফূৰ্ত্তি পাইছে, নহয়নে? এনেদৰে ওলাব দিবছোন মাজে মাজে।
মাকৰ
ওচৰত বহি থকা চুবুৰীয়া মহিলাজনীয়ে কলে।
: হয়,
আমিটো ওলাবই দিওঁ। পিছে
কলনীৰ কোনেও তাৰ লগ হ’ব নোখোজে
কাৰণেই সি নোলায়। আজিও
অকলে অকলেহে দৌৰিছে। কোনেও
তাৰ লগ হব খোজা নাই নহয়!
মাকেও
হাঁহি হাঁহি তেওঁৰ ফালে চাই উত্তৰ দিলে।
মানুহগৰাকীয়ে
মুখখন ঘুৰাই দিলে। অলপ
আতঁৰত তেওঁৰ ল’ৰা দুটাই
তেতিয়া আনবোৰৰ লগত ক্ৰিকেট খেলাত ব্যস্ত।
আৰু
নিয়ৰ, সি এতিয়াও অকলে অকলে দৌৰিয়েই আছে।
Comments
Post a Comment