আপেলৰ সাধু

এখন ৰাজ্যত এজন ৰজা আছিল। এদিন তেওঁ এটা সমীক্ষা চলোৱাৰ কথা ভাবিলে --- ৰাজ্যৰ সমাজ ব্যৱস্থা পুৰুষপ্ৰধান নে নাৰীপ্ৰধান জানিবলৈ তেওঁৰ মনটোৱে উচপিচাই আছিল।

ঢোল বজাই পুৰস্কাৰ ঘোষণা কৰা ':

"যাৰ ঘৰত স্বামীৰ হুকুম চলে তেওঁ ৰজাৰ পৰা এটা ঘোঁৰা পাব" আৰু "যাৰ ঘৰত পত্নীৰ হুকুম চলে তেওঁ এটা আপেল লৈ যাব লাগিব।"

এজন এজনকৈ সকলো প্ৰজা আহিল আৰু সকলোৱে একোটাকৈ আপেল লৈ ঘৰমুৱা 'ল। ৰজা চিন্তাত পৰিল।

: মোৰ ৰাজ্যৰ প্ৰতিঘৰতে কেৱল স্ত্ৰীৰ আধিপত্য! কোনো বেয়া কথা নহয়, কিন্তু এখনো পুৰুষপ্ৰধান ঘৰ নাইনে?

তেনেতে এজন হৃষ্ট-পুষ্ট চফল যুৱক ৰাজ-দৰবাৰলৈ সোমাই আহিল।

: মহাৰাজ, ঘৰত ময়েই ৰজা। পত্নীয়ে মোৰেই হুকুম মানে। ঘোঁৰাটো মোক দিয়ক।

ৰজা মনে মনে প্ৰসন্ন ' আৰু 'লে -

: তোমাৰ মনপচন্দৰ ঘোঁৰাটো লৈ যোৱা।

ৰজাই মনতে ভাবিলে....."অন্ততঃ এখন পুৰুষপ্ৰধান ঘৰটো পালোঁ"!

ডেকাজনে ৰজাৰ পৰা 'লা ঘোৰা এটা লৈ গুচি 'ল। কিন্তু কিছুদেৰি পিছতেই তেওঁ ঘোঁৰাটো লৈ আকৌ ৰাজসভাত উপস্থিত 'ল।

: হেৰা যুৱক! ঘোঁৰাটো ঘূৰাই অনাৰ কাৰণ?

: ক্ষমা কৰিব মহাৰাজ। পত্নীয়ে 'লে 'লা ৰং হেনো অশুভ, বগা ৰং শান্তিৰ প্ৰতীক। সেয়েহে 'লা ঘোৰাটোসলাই বগা ঘোঁৰা এটা 'বলৈ আহিছোঁ।

: হয় নেকি? ঘোঁৰা থোৱা আৰু আপেল এটা লৈ তৎক্ষণাৎ মোৰ সম্মুখৰ পৰা আঁতৰি যোৱা।

এনেদৰে বিভিন্ন সৰু সুৰা ঘটনাৰ মাজেৰে দিনটো শেষ ', প্ৰজাসকল আহে আৰু একোটাকৈ আপেল লৈ ঘৰমুৱা হয়। সন্ধিয়া ৰাজ-দৰবাৰত ৰজা অকলে বহি 'ল।

***

নিশা মহামন্ত্ৰীয়ে হঠাতে ৰজাৰ দুৱাৰত টোকৰ মাৰিলে। মাজৰাতি মন্ত্ৰী তেনেদৰে সোমাই অহা দেখি ৰজা আচৰিত 'ল।

: মহামন্ত্ৰী...এই মাজনিশা এনেদৰে অহাৰ কাৰণ...?

: মহাৰাজ, দিনটো এটা প্ৰশ্নই মনটো খুদুৱাই আছে। পুৰষ্কাৰ হিচাপে আপুনি ঘোঁৰা আৰু আপেলৰ কথা কিয় ভাবিলে? এমোন ধান বা কিছু পৰিমাণে সোণ-ৰূপ দিয়া 'লে প্ৰজাসকলে কিছুদিন আৰামত খাই লৈ থাকিব পাৰিলেহেঁতেন।

: মইও ঠিক আপোনাৰ দৰেই ভাবিছিলোঁ মন্ত্ৰী ডাঙৰীয়া, পিছে মহাৰাণীয়ে 'লে উপহাৰ হিচাপে 'ঘোঁৰা' আৰু 'আপেল' ঠিক 'ব। সেয়েহে মই এই দুইপদ বস্তু ৰাখিলোঁ।

এটা বেঁকা হাঁহি মাৰি মন্ত্ৰীয়ে ৰজালৈ চাই 'লে -

: মহাৰাজ, আপোনাক এটা আপেল কাটি দিম নেকি?

মন্ত্ৰীৰ কথা শুনি ৰজাইও হাঁহি হাঁহি 'লে-

: এই কথাখিনি মোক ৰাতিপুৱা দৰবাৰতো ' পাৰিলেহেঁতেন। এনেদৰে মাজনিশা মোৰ শয়নকোঠালৈ আহি সোধাৰ কাৰণ?

: হুজুৰ! মন্ত্ৰীপত্নীয়ে 'লে বোলে এতিয়াই মহাৰাজক কথাটো সুধি আহা, প্ৰকৃত ৰহস্যটো কি ভাবি ভাবি গোটেই দিনটো...... তেওঁৰ.....

মন্ত্ৰীৰ কথাষাৰ মাজতে কাটি ৰজাই মাত লগালে-

: মহামন্ত্ৰী ডাঙৰীয়া, তেনেহলে আপুনি আপেল ইয়াতে মোৰ লগতেই বহি খাব নে ঘৰলৈ পঠিয়াই দিওঁ?

*****

Moral of the story:  সমাজ যিমানেই পুৰুষ প্ৰধান নহওঁক কিয়, সংসাৰ সদাই নাৰীপ্ৰধান।

আপোনালোকে পিছে আপেল এতিয়াই খাব নে ঘৰলৈকে লৈ যাব??

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

অকলশৰীয়া