কুৰসুৰা



: তিতা মা? মোক কিয় নিনিলে?

: তোমাৰ তিতা অফিচ গৈছে

: কিয়?

: তুমি যে স্কুল যোৱা, তেনেকৈ তিতাও অফিচ যায়

: কিয়...? মই কিয় স্কুল যাঁও..? তিতা কিয় অফিচ যায়...?

: তুমি স্কুল গলেহে abcd শিকিব পাৰিবা......বেলেগৰ লগত কথা পাৰিবা, ডাঙৰ মানুহ পাৰিবা ঠিক তেনেকৈ তিতাও অফিচ যায়

: কিয়.....??!!

মোক সি তিতা বুলি মাতে সৰুতে দেউতা ' নোৱাৰি মুখেৰে 'তিতা' বুলি ওলাইছিল যিটো এতিয়াও থাকি ' পিছত ' পৰা হোৱাৰ পিছতো সুধৰাই নিদিলোঁ, তেনেকৈয়ে কিবা এটা ভাল লাগেচোন

কিমান যে কিয় তাৰ! কিয়ৰ উত্তৰ দি থাকিলে হয়তো দিনটো লাগিব, কেতিয়াবা ভাৱ হয় মনে মনে থকাই ভাল এটা কিয়ৰ উত্তৰ দিওঁতে আন কেইবাটাও কিয় ওলায় ইম্মান যে প্ৰশ্ন তথাপিটো যিমান পাৰি উত্তৰ দিব চেষ্টা কৰোঁ দুয়ো তেনে কথোপকথনৰ যোগেদিয়েই সি শিকিব কেতিয়াবা আমনি লাগিলেও উপাই নায়

: মা চোৱা, কুৰসুৰা খনৰ নাম চাবমেৰিণ

ইউটিউবত ভিডিঅএটা চাই থকাৰ পৰাই কিবা এটা দেখুৱাব চেষ্টা কৰিলে সি মাকক ১৯৭২ চনৰ ভাৰত-পাক যুদ্ধত ব্যৱহাৰ হোৱা চাবমেৰিণখন জৰাজীৰ্ণ অৱস্থা সাগৰৰ পাৰত মিউজিয়াম হিচাপে সজাই থোৱা আছে সেইখন তাৰ খুউব প্ৰিয় সেইখন চাব সাগৰৰ পাৰলৈ আবেলি প্ৰায়েই ওলাই আহোঁ ঘৰলৈ গৈ আকৌ সেইখনৰেই বিভিন্ন ভিডিঅবোৰটো আছেই ইউটিউবত

: কুৰসুৰাখনৰ নাম চাবমেৰিণ নহয় সোণ, চাবমেৰিণ খনৰ নামহে কুৰসুৰা

: কিয়...??

আকৌ সেই কিয়ৰ প্ৰশ্ন বাণ আহি যেন বুকুতে বিন্ধি দিয়ে দুপৰীয়া ভাতকেইটা বনাই আজৰি হৈ তেওঁ পুতেকৰ ওচৰত আহি বহিছিল মাত্ৰ  গৰমত এনেই  অবস্থা নাই, ইফালে কাৰেণ্ট টোৱেও আমনি দি আছে বাৰে বাৰে

: তুমি মনে মনে চাই থাকাচোন অলপ সময় মই অলপ ৰেষ্ট লওঁ.... দেই বাবা!

: মা চোৱা সেয়া তুমি কুৰসুৰা, সেয়া মই কুৰসুৰা আৰু..... আৰু তিতা কুৰসুৰা ?

মাকৰ কথালৈ তাৰ ভ্ৰূক্ষেপ নায় কেৱল তাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব সকলো বস্তুতে মাকক, মোক আৰু নিজকে সাঙুৰাটো তাৰ এটা স্বভাৱ চাবমেৰিণ খনৰ তলৰ ভাগটো অলপ ডাঙৰ, সেয়া হেনো মা কুৰসুৰা ওপৰৰ সৰু ভাগটো হেনো সি কুৰসুৰা

: তিতা কুৰসুৰা অফিচ গৈছে

মাকে গতানুগতিক উত্তৰটো দিলে এইটো উত্তৰলৈকে বাট চাই আছিল সি কিছু দেৰি শান্ত আৰু ভিডিঅটোত মন দিলে

কেতিয়াবা এই ফৰ্মূলা টো ৰাস্তাত দেখা জীৱ জন্তুৰ ওপৰটো প্ৰয়োগ হৈ যায় যদি তিনিটা ছাগলী বা গৰু ৰাস্তাত একেলগে গৈ আছে, তাৰে এটা তিতা ছাগলী, এটা মা ছাগলী আৰু অলপ সৰু যেন দেখাটো সি ছাগলী বহুদিন গাহৰিও হৈ পাইছোঁ

: আৰু দুষ্ট জাহাজখনে কুৰসুৰা খনক কিয় গুলিয়াই দিলে? ............

হঠাতে সি কান্দি উঠিল ইউটিউবত চাবমেৰিণৰ যুদ্ধ চাই আছিল

: ইয়ে, হয় নেকি?------মাকেও তাৰ দুখত সমভাগি ' চেষ্টা কৰিলে

: ওঁ জাহাজখন দুষ্ট হৈছে, পিটিব লাগিব.....ঠেনঠেনিয়া মাতটোৰে সি আবদাৰ কৰি উঠিল

: ঠিক আছে, তিতা আহিলে দুই পণ্ডিতে দুষ্ট জাহাজখন বিছাৰি যাবা দেই... এতিয়া আহা ভাত খাবা

: পণ্ডিত মানে কি মা?

উফ্!!!!উফ্!!!

*****

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

অকলশৰীয়া