মৰম
সীমা
বাইদেউ।
ক্লাছত
সকলোৱে ভয় কৰা আমাৰ ইংৰাজীৰ শিক্ষয়িত্ৰী৷
নাম অসীমা
তালুকদাৰ। সৰু
চহৰখনত সীমা বাইদেউ বুলিয়েই সকলোৱে জানে।
মুখত হাঁহি খুব কম। সকলোৱে
সমীহ কৰি চলে। সাংঘাতিক খঙাল বুলি নাম আছে। চিঞৰ-বাখৰ, হাঁহি-খিকিন্দালি কৰি থকা ক্লাছটো তেওঁ সোমোৱাৰ লগে লগে নিমাত নিস্তব্ধ হৈ পৰে। অৱসৰ
ল'বলৈ হয়তো বেছি সময় নায়৷ তেওঁৰ বহুকেইগৰাকী ছাত্ৰী ইতিমধ্যে আমাৰ স্কুলতেই শিক্ষকতা কৰি আছে।
ক্লাছতো
বেছি কথা নকয়। পঢ়াবলগীয়াখিনি সোনকালে সামৰি নিজৰ ৰুমলৈ গুছি যায়৷ কাৰো লগত বেছি কথা কৈ থকা নেদেখো। কেতিয়াবা লক্ষ্য কৰো, ক্লাছত মোৰ ফালে চাই কিবা ভাবি থাকে। সেই চাৱনিটোত আনৰ তুলনাত যেন মোৰ প্ৰতি অলপ বেছি কোমলতা। সকলোকে
আচৰিত কৰি বাইদেউৱে এদিন লেইজাৰ টাইমত মোৰ পিঠিত হাতখন ফুৰাই 'ভালদৰে পঢ়িবা দেই' বুলি কৈছিল। লগৰ ছোৱালীবোৰ যঠেষ্ট আচৰিত হৈছিল এই কাৰ্য্যত। কেইজনীমানৰ
অলপ হিংসাও হৈছিল।
নিজৰ
বুলিবলৈ বাইদেউৰ কোনো নাই, অকলেই থাকে। কোনেও বাইদেউৰ পৰিয়ালৰ বিষয়ে সুধিবলৈ সাহসো নকৰে। কিন্তু
মাৰ পৰা গম পাইছিলো, বাইদেউৰো হেনো এখন সংসাৰ আছিল। স্বামী
আৰু কন্যা সন্তান এজনীৰ সৈতে সুখেৰেই আছিল তেওঁলোক। পিছে লুইতৰ
বানে এদিন সৰ্বস্ব কাঢ়ি নিলে৷ তেতিয়াৰ পৰাই হয়তো তেওঁ কঠোৰ হৈ পৰিল।
কেতিয়াবা শিক্ষকৰ কমন ৰুমত মাত দিও। মোৰ
ফালে চাই থাকে। লগৰ আন কোনেও তেওঁৰ ওচৰ চাপিবলৈকো সাহস নকৰে। মায়ে কয়, তেওঁ হেনো নিজৰ দৰমহাৰ বেছিখিনি টকা চহৰৰ মাজমজিয়াতে থকা অনাথ শিশুগৃহ এটালৈ দান দিয়ে৷ নিজৰ বাবে অতি সামান্য কিবা এটা ৰাখে মাত্ৰ।
কিছু
বছৰ পাৰ হ'ল৷ আমিও
স্কুল সামৰি কলেজ পালো। ঘৰৰপৰা আঁতৰত হোষ্টেল ললো৷ নতুন
বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ সান্নিধ্যলৈ আহিলো। কিন্তু সীমা
বাইদেউৰ কথা কোনোদিনে পাহৰিব নোৱাৰিলো।
লাহে
লাহে ফাইনেল শেষ হ’বৰ হ'ল। ডিগ্ৰী
থাৰ্ড ইয়েৰৰ ফাইনেল শেষ হোৱাৰ পিছদিনাই হোষ্টেল এৰি ঘৰলৈ আহিম৷ মনত যে কিমান আনন্দ। পৰীক্ষা
শেষ হোৱাৰ পিছত দুজনীমান লগ হৈ অনুৰাধাত চিনেমা চাবলৈ গলো। চিনেমা
শেষ হোৱাৰ পিছত বজাৰত সোমালো। কিমান
যে বস্তু কিনিছো - নিজৰ কাৰণে, মাৰ কাৰণে, দেউতাৰ কাৰণে। মুঠতে
আনন্দৰ সীমা নায়। হোষ্টেল
আহি ভাগৰে জুৰুলা কৰা দেহাটো বিছনাত এৰি দিলো।
চানমাৰী বাছষ্টেণ্ডত ৰৈ আছো। বাছ
অহা নাই৷ যিকেইখন আহিছে তলে ওপৰে পাণ জপাৰ দৰে মানুহ৷ খালি
বাছ আহিব বুলি বহু দেৰিলৈ অপেক্ষা কৰিলো।
তেনেতে
ৰিক্সা এখন আহি থকা দেখি সেইফালেই থৰ লাগিলো। ৰিক্সাত
এখন চিনাকি মুখ৷
হয়! সেয়া সীমা বাইদেউৱেই হয়। আমাৰ
স্কুলৰ অসীমা তালুকদাৰ। কেইবছৰমান
তেওঁক দেখা নাই যদিও ঠিকেই চিনি পাইছো। মুখত
এতিয়া বয়সৰ চাপ পৰিছে। চুলিবোৰো
পঁকিছে। ৰিক্সাৰ
পৰা তেওঁ মোৰ পিনেই চাই থকা যেন লাগিল।
ফুট-পাথৰ পৰা নামি মাত লগাম বুলি আগুৱাই গলো। ৰিক্সাখনৰ
ওচৰ পাওঁতে 'বাইদেউ' বুলি মাতিবলৈ চেষ্টা কৰিলো, কিন্তু আচৰিতকৈ মোৰ মাতটো ওলাই নাহিল। বহু
চেষ্টা কৰিও মাতটো উলিয়াবকে নোৱাৰিলো। ৰিক্সাৰ
ওপৰৰ পৰা বাইদেউৱে সোঁহাতৰ তৰ্জনী আঙুলিটোৰে নিজৰ ওঠদুটা স্পৰ্শ কৰি মনে মনে থাকিবলৈ কোৱাৰ দৰে কৰিলে। ৰিক্সাখন
লাহে লাহে আগুৱাই আহি মোৰ কাষেৰে পাৰ হৈ গুছি গ'ল।
আকৌ এবাৰ 'বাইদেউ' বুলি মাতিবলৈ চেষ্টা কৰিলো, কিন্তু এইবাৰো অসফল হলো। মাতটো যেন ডিঙিৰ মাজতেই চেপা খাই ৰৈ গ'ল।
তেনেতে কোনোবা এজনীয়ে গাত ধৰি জোঁকাৰি জোঁকাৰি মাতি থকা গম পালো। চকু
দুটা দুহাতেৰে মোহাৰি সম্মুখত দেখো - সেইজনী ঝিলি।
: বা,
নুঠে নেকি? ভাত দিছো ডাইনীং ৰুমত। সকলোৱে
আপোনাৰ কাৰণে ৰৈ আছে৷ সোনকালে আহক।
হোষ্টেলৰ সহায়িকা ছোৱালীজনীয়ে মুখৰ ফালে চাই টোপনিৰ পৰা জগাই আছিল। সৰু
ছোৱালীজনীক সকলোৱে বৰ মৰম কৰে৷ আচল নামটো নাজানো, কিন্তু সকলোৱে ঝিলি বুলিয়েই মাতে। তাইৰ পিছে পিছে লাহেকৈ
বিছনাৰ পৰা উঠি আহিলো।
ভাগৰুৱা
দেহাটোত কেতিয়ানো টোপনিয়ে হেছা মাৰি ধৰিছিল গমকে নাপালো। বাইদেউক
সপোনত দেখা কথাটো বহু সময়লৈ ভাবি থাকিলো। ভাত
খাই থাকোঁতে আন দিনাৰ দৰে টেবুলত বিভিন্নজনীৰ বিভিন্ন গল্প ওলাল। হোষ্টেলৰ
শেষ সাজ ভাত খাই আমি ফাইনেল দিয়া আটাইকেইজনী নিজৰ নিজৰ ৰুমত সোমালোগৈ।
ঝিলিয়ে মাৰ ফোন অহা খবৰটো দিলে৷ হোষ্টেলৰ ফোনটোৰ ওচৰলৈ দৌৰ দিলো। সদাই এইখিনি সময়ত হোষ্টেলৰ নম্বৰটোত মায়ে ফোন কৰে। তেওঁক গোটেইখিনি কথা কলো। পৰীক্ষা,
বজাৰ, চিনেমা আৰু লগতে সপোনটোৰ কথাও কলো।
: তোক
কথা এটা কওদেই মাজনী। সপোনত দেখা তহঁতৰ স্কুলৰ সীমা বাইদেউৰ কথা৷
: কি হ’লনো? - মোৰ উৎসুকতা বাঢ়ি গৈছিল৷
: তেওঁ ১৫ দিনমানৰ আগতেই ঢুকাল। তোৰ
পৰীক্ষা চলি থকা বাবে আমি কোৱা নাছিলো। তোক
বহুত মৰম কৰিছিল যে! হয়তো নিজৰ ছোৱালীজনীৰ দৰেই দেখিছিল। সেই কাৰণেই কিজানি তেওঁক সপোনত দেখিলি!
কি
যে কয় মায়ে! মইচোন বিশ্বাসেই কৰিব পৰা নায়। কথাটো শুনি বেয়া লাগিল। মনটো বৰ ভাগৰুৱা অনুভৱ হ’ল৷ অলপ
আগতে যেন তেওঁক স্বচক্ষে দেখিছো৷ সেই উজ্জ্বল মুখখন চকুৰ আগত এতিয়াও ভাহি আছে। সপোন
বুলি মানি ললোৱেই যেনিবা, তথাপিও তেওঁৰ মৃত্যুৰ কথাটো মানিবলৈ যঠেষ্ট টান পাইছিলো।
: সপোনত
মৰা মানুহে কথা নকয়। সেইবাবে
চেষ্টা কৰিও তেওঁক মাতিব পৰা নাছিলি৷ ওঠত আঙুলিটো লগাই তোক মাতিবলৈ যে মানা কৰিছিল!
বহুদেৰিলৈ মাৰ কথাকেইটা মনৰ মাজত পাকঘূৰণী খাই থাকিল। ৰুমৰ
বস্তুবোৰ, কাপোৰবোৰ সামৰিবলৈ এতিয়া দেহাটোত একেবাৰে শক্তি নায়৷ সকলো পুৱাই ঠিক-ঠাক কৰিম বুলি আকৌ বিছনাখনত বাগৰি দিলো। ৰাতি
পুৱাবলৈ এতিয়াও যঠেষ্ট সময়।
******
সুন্দৰ
ReplyDelete