শিশু গল্প:
(১)
কাছ আৰু শহা
এখন
জংঘলত এটা শহা আছিল। বেগেৰে
দৌৰিব পৰা শহাটোৱে তাৰ প্ৰতিভাৰ বিষয়ে কৈ সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল। শহাটোক
এশিকনি দিয়াৰ মনেৰে এটা কাছই এদিন তাক এখন দৌৰ প্ৰতিযোগীতালৈ আমন্ত্ৰণ জনালে। জংঘলৰ
বহুতো জীৱ-জন্তু সিহঁতৰ দৌৰ চাব নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ল।
দৌৰ
আৰম্ভ হ'ল।
শহাটোৱে বেগেৰে দৌৰিলে আৰু প্ৰচণ্ড ৰ'দত দৌৰি
দৌৰি ভাগৰি পৰিল। গছ
এজোপাৰ তলত অলপ বহি মনতে ভাবিলে 'কাছটো লাহে লাহে আহি ওচৰ পাইমানে অলপ জীৰাই লও আৰু সি ওচৰ পালে আকৌ দৌৰিম'। এনেদৰে
ভাবি থাকোঁতে নজনাকৈয়ে গছৰ ছাঁৰ তলত শহাটোৰ টোপনি আহিল।
কাছটো
লাহে লাহে গৈ ইতিমধ্যে শহাটো শুই থকা ঠাইখিনি পাৰ হ'ল আৰু
আগুৱাই গৈ থাকিল। সিহঁতৰ
দৌৰ চাব যোৱা আন জীৱ-জন্তু বোৰে চিঞৰি চিঞৰি কাছটোক উৎসাহ যোগালে। সকলোৰে
চিঞৰত শহাটো সাৰ পালে আৰু দৌৰিব আৰম্ভ কৰিলে। কিন্তু
ইতিমধ্যে বহুদেৰি হৈছিল আৰু কাছটোৱে প্ৰতিযোগিতাত জয়ী হ'ল।
Moral: Slow and Steady wins the race.
এইটো
সাধু আমি সৰুতে পঢ়িছিলোঁ। কিন্তু
অলপতে কাহিনীটোত দুটা পৰিবৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
#প্ৰথমটো_পৰিবৰ্তন:
কাছটোৰ
দ্বাৰা পৰাজিত হৈ শহাটোৱে বহুবাৰ ভাবিলে, তাৰ ক'ত ভুল
হল, কিয়নো সি সামান্য এটা কাছৰ ওচৰত হাৰ মানিবলগীয়া হ'ল।
সি বুজি পালে যে অহংকাৰ আৰু অতি-আত্মবিশ্বাসেই তাৰ কাল হ'ল।
সি নিজৰ ভুল শুধৰাবলৈ আৰু এটা দৌৰ প্ৰতিযোগিতালৈ কাছটোক আমন্ত্ৰণ কৰিলে। এইবাৰ
শহাটোৱে সাৱধানে দৌৰিলে আৰু নিশ্চিত ভাৱে বিজয়ী হ'ল।
Moral: Fast and consistent may be better than slow and
steady.
#দ্বিতীয়টো_পৰিবৰ্তন:
শহাৰ
লগৰ পৰাজিত হৈ কাছটোৱে ভাবিলে কেনেকৈ শহাটোক আকৌ হৰুৱাব পাৰি। সি
জানিছিল যে জংঘলৰ যিকোনো ৰাস্তাত শহাটোৱে অতি সহজেই কাছটোক হৰুৱাব পাৰিব। গতিকে
এইবাৰ এটা বেলেগ পথলৈ শহাটোক তৃতীয়টো দৌৰৰ বাবে নিয়ন্ত্ৰণ জনালে। তিনিনম্বৰ
দৌৰৰ কথা শুনি শহাটোৱে আট্টহাস্য কৰি উঠিল। ভাবিলে,
কাছটো পগলা হ'ল।
বহুতো কাকুতি মিনতিৰ শেষত শহাটো মান্তি হ'ল।
এইবাৰ জংঘলৰ আন এঠাইত দৌৰৰ পথ বাচি লোৱা হ'ল, দুয়োৰে
সন্মতি মতে।
নিৰ্দিষ্ট
সময়ত দৌৰ আৰম্ভ হ'ল।
দুয়ো কিছুবাট যোৱাৰ পিছত এখন নৈৰ পাৰত উপস্থিত হ'ল।
শহাটোৱে নৈখন কেনেকৈ পাৰ হ'ব ভাবিব
ধৰিলে। কাছটোৱে
নৈত নামি অনায়াসে সাতুৰি নৈখন পাৰ হ'ল আৰু
বাকীছোৱা পথো পাৰ কৰিলে। তৃতীয়টো
দৌৰত আকৌ কাছৰ জয় হ'ল।
Moral: When your capabilities are below par, choose a
playing ground that gives you a natural advantage.
(২)
বেৰৰ ফুটা
এখন
সৰু গাঁৱত এটা খেতিয়কৰ পৰিয়াল আছিল। পত্নী
আৰু লʼৰা সন্তান
এটিৰে খেতিয়কৰ সৰু সংসাৰখন যেনে তেনে চলি আছিল। ল'ৰা জনৰ বেয়া স্বভাৱৰ বাবে তেওঁলোকৰ বৰ চিন্তা হৈছিল। সৰু
ল'ৰা জনৰ খংটোৱেই আছিল তেওঁলোকৰ চিন্তাৰ মুল কাৰণ। সৰু
কথাতেই ল'ৰাটোৰ খং
উঠিছিল আৰু সকলোকে বেয়াকৈ কথা কৈছিল। মানুহৰ
গালৈ শিল দলিওৱা, চিঞৰ-বাখৰ কৰা আদিবোৰ তাৰ দৈনন্দিন কাম হৈ পৰিছিল। ওচৰ
চুবুৰীয়া আৰু বন্ধু বান্ধৱ সকলোৱে তাৰ এই কথাত মনত বৰ দুখ পাইছিল আৰু খেতিয়কৰ ওচৰত অভিযোগ কৰিছিল।
মাক
দেউতাকে তাক খং সংযম কৰি কেনেকৈ দয়া মৰমেৰে মানুহৰ সৈতে কথা হ'ব লাগে,
কেনেদৰে আনৰ লগত ব্যৱহাৰ কৰিব লাগে সকলো শিকাইছিল যদিও দুৰ্ভাগ্যবশতঃ তাৰ ওপৰত সেইবোৰৰ কোনো প্ৰভাৱ নপৰিল।
অৱশেষত
খেতিয়কৰ মনত এটা বিছাৰ আহিল। এদিন
এসোপামান গজালেৰে ভৰা মোনা এখন আনি পুতেকৰ হাতত দিলে। লগত
এটা হাতুৰীও দিলে। যেতিয়া
ল'ৰাৰ খং উঠে, ঘৰৰ বেৰত এটা গজাল মাৰিব ক'লে।
সৰু ল'ৰা জনে
কামটো ভাল পালে আৰু কৰিব মান্তি হ'ল।
যেতিয়াই
ল'ৰা জনৰ খং উঠে, দৌৰ মাৰি ঘৰত সোমাই সি বেৰত
এটা গজাল মাৰে। প্ৰথম
দিনা সি বেৰত ৩০ টা গজাল মাৰিলে। এনেদৰে
কিছুদিন বেৰত গজাল মৰা কামটো চলি থাকিল। কিন্তু
বেৰত গজাল মৰা কামটো লাহে লাহে তাৰ আমনিদায়ক হৈ আহিল। গজালত
হাতুৰীৰ কোব মাৰোতে তাৰ কণমানি হাতদুখন বিষাব ধৰিলে। বেৰত
মৰা গজালৰ সংখ্যা দিনে দিনে কমি আহিব ধৰিলে আৰু কামটোৰ পৰা বাছিব নিজৰ খংটো কমাব শিকিব ধৰিলে।
এদিন
দুদিনকৈ বেৰত মৰা গজালৰ সংখ্যা একেবাৰেই কমি আহিল আৰু কিছুদিনৰ পিছত বেৰত এটাও গজাল মাৰিব নলগা হ'ল।
ল'ৰাজনে সম্পূৰ্ণ ৰূপে খংটো নিয়ন্ত্ৰণ কৰিব পৰা হ'ল।
এইবাৰ
খেতিয়কে তাক আন এটা কাম দিলে। যেতিয়াই
সি খংটো নিয়ন্ত্ৰণ কৰে তেতিয়া সি বেৰত ইমান দিনে মাৰি অহা গজালবোৰ এটা এটাকৈ উলিয়াব লাগিব। কিছু
দিনৰ পিছত ল'ৰাটোৱে বেৰত
মৰা অধিকাংশ গজাল উলিয়াই পেলালে। কিছুমান
গজাল কিন্তু বেয়াকৈ সোমাইছিল আৰু সেইবোৰ সি বহু চেষ্টা কৰিও উলিয়াব নোৱাৰিলে।
ল'ৰাজনে খেতিয়কক এই বিষয়ে ক'লে।
দেউতাকে তাৰ কামৰ প্ৰসংশা কৰিলে আৰু বেৰত হোৱা ফুটা এটা দেখুৱাই সেইটো কি শুধিলে!!
ল'ৰাজনে কলে, "গজাল এটা উলিয়াই অনাৰ পিছত সেইটো বেৰত হোৱা এটা ফুটা"।
পুতেকৰ
কথা শুনি খেতিয়কে আৰম্ভ কৰিলে....: মই তোমাক দিয়া গজালবোৰ হৈছে তোমাৰ বেয়া স্বভাৱবোৰ, যেনে সকলো কথাতে খং কৰা, আনক বেয়া মাতেৰে মাত দিয়া, মানুহৰ গালৈ শিল দলিওৱা, এইবোৰ। তুমি
গজালবোৰ উলিয়াব পাৰিবা কিন্তু বেৰখনৰ ফুটাটো থাকি যাব। বেৰখন
দেখিব আগৰদৰে হৈ নাথাকে, চোৱা ঠায়ে ঠায়ে কেনেকৈ গজালৰ চিনবোৰ ৰৈ গৈছে। কিছুমান
গজাল উলিয়াবও পৰা নাই। ঠিক
তেনেদৰে তুমি এজন মানুহক সহজতে মাৰিব পাৰিবা, মাৰি উঠি ক্ষমা খুজিবও পাৰিবা, কিন্তু তেওঁৰ দেহত ঘা টুকুৰা থাকি যাব। মানুহে
কথা কওঁতে সাবধান হ'ব লাগে। তোমাৰ
কথাই কেতিয়াবা শাৰীৰিক দুঃখতকৈও বেছি ভয়ানক ভাবে কাৰোবাক অনিষ্ট কৰিব পাৰে। কথাৰে
মানুহৰ মন জিকিব শিকা, আঘাট কৰিব নহয়। মনত
মৰম আৰু দয়াৰ তেনেকেহে বিকাশ হ'ব।
Moral: Unkind words cause lasting damage. Let our words be
kind and sweet.
সুন্দৰ উপমা
ReplyDelete