পুনঃ বিক্ৰম বেতাল
মঙ্গলবাৰে পুৱাৰ পৰা অৰবিন্দ গোসাঁইৰ ঘৰখন উখল মাখল। ঘৰত মন্দিৰৰ প্ৰতিমা পুনঃ স্থাপন কৰা হ'ব। যুদ্ধকালীন ব্যস্ততাৰ মাজতো বাৰে বাৰে নঙলাৰ মুখলৈ চাব এৰা নাই তেওঁ। সময়বোৰ বাগৰি গৈ আছে। এসময়ত পুৱাৰ বেলিটো গৈ ঘৰৰ মুধচ পালে। মানসদেউ অহা কথা আছিল পুৱাতেই, পিছে এতিয়ালৈকে খবৰ নাই। : কি বা হ'ল, দেউৱে পাহৰিলে নেকি পূজাভাগৰ কথা? যোৱা দুদিন পুনৰাই খবৰ কৰাও নহ'ল, যিহেতু তেওঁ সেইদিনা আহিম বুলি কথা দিছিল৷ ইফালে আলহিৰে ঘৰখন ভৰি পৰিছে৷ আজি কেনেবাকৈ কেনচেল হ’লে আকৌ একেখিনি মানুহৰে পুনৰ এদিন খোৱা-মেলাৰ ব্যৱস্থা…! চেহ! কথাবোৰ ভাবি ভাবি অৰবিন্দ গোসাঁইৰ মূৰটো ঘূৰাবলৈ ধৰিলে। পানী এগিলাছ ডিঙিত লৈ গোসাঁই চকীখনতে বহি পৰিল৷ দেউলৈ দুবাৰমান ফোনটো লগালে, পিছে তেওঁৰ নম্বৰটো ৰিঙেই নহয়। কিবা এটা ভাবি অৰবিন্দই এইবাৰ চাইকেলখন লৈ বাটলৈ ওলাল। উত্তেজনাতে টিলিঙাটো দুবাৰমান এনেই বজাই হেণ্ডেলডাল পোনালে দেউৰ ঘৰ অভিমুখে। বাটত বাৰে বাৰে মানসদেউৰ কথাই ভাবি গৈ থাকিল। দেবজিতৰ ঘৰত দুপৰীয়া শিৱপূজাভাগ কৰাৰ কথা মানসদেউৱে। কʼৰবাত সেইফালেই …….! মানস দেউৰ চোতালত উঠি গম পালে দেউ হেনো পুৱাই ওলাই গৈছে, অৰবিন্দৰ ঘৰলৈকে বুলি। তেন...