দেউতাৰ বিয়া
সময় ভৰদুপৰীয়া৷ তিনিআলিটোত মানুহৰ সমাগম তেনেই তাকৰ। সৰু হোটেলখনৰ সম্মুখৰ বাঁহৰ বেঞ্চখনত বহি বসন্ত খুড়াই তামোল চোবাইছে। সেইখিনিতে মাত্ৰ চাৰি পাঁচখন দোকান , পবিত্ৰৰখন এৰি আটাইকেইখন বন্ধ। এই সময়ত মানুহৰ বিশেষ অহা-যোৱা নোহোৱা বাবে দোকানীকেইজন ঘৰা-ঘৰি যায়গৈ। পবিত্ৰৰো দোকান বন্ধ কৰা সময় , পিছে বসন্ত খুড়াৰ বাবে যাব পৰা নাই। এই দুপৰীয়াখন তেওঁক হেনো পুৰি বনাই দিব লাগে৷ পবিত্ৰৰ দোকানৰ পুৰি গোটেই অঞ্চলটোতে বিখ্যাত৷ পুৱাবেলা অসংখ্য মানুহে ভিৰ কৰেহি তাৰ দোকানত৷ বসন্ত খুড়াই কেইখনমান সৰহকৈয়ে বনাবলৈ দিছে , ঘৰলৈকে লৈ যাব হেনো৷ : কিন্তু এই ভৰ দুপৰীয়া পুৰি ? ঘৰত ভাত নাখাব নেকি মানুহজনে ? আচৰিত হৈছিল সি৷ এইখিনি সময়ত মানুহে সাধাৰণতে ক’ল্ড ড্ৰিংকচ্ , তামোল-পাণ আদিহে বিচাৰি আহে৷ পুৱাৰে অলপ ময়দা ৰৈ যোৱা বাবে সি নোৱাৰো বুলিও নকলে৷ গ্ৰাহকক না কব নোৱাৰি৷ ইতিমধ্যে বাচন-বৰ্তন ধুই সহায় কৰি দিয়া মানুহগৰাকীও গ’ল৷ সোনকালে পুৰিকেইখন বনোৱা হ’লেই মানুহজনক বিদায় দিব পৰা যাব৷ তামোল বুলিলে তেওঁক একো নালাগে৷ তাতে আকৌ বুঢ়া তামোল৷ তিনিখন ললেই ইতিমধ্যে৷ পুৰিখিনি টোপোলা বা...