চৈধ্যটা চকা এঘাৰটা মন আৰু এটা সপোন
চকা বুলিলেই হয়তো মনলৈ আহিব এখন গাড়ী বা ভ্ৰমণৰ কথা। আহক আজি আপোনালোকক এটা ভ্ৰমণ কাহিনী কওঁ৷ কিন্তু এইটো অকল ভ্ৰমণ কাহিনী বুলি ক’লে হয়তো ভুল হ’ব৷ দীৰ্ঘদিনীয়া সপোন এটাই বাস্তৱ ৰূপ পোৱাৰ দুই চাৰিটা কথাহে কবলৈ চেষ্টা কৰিছো। ভ্ৰমণ মোৰ চিৰদিনীয়া আবেগ। দুটা চকাৰ ওপৰত পৃথিৱীখন ঘূৰি ফুৰাৰ আৱেগটো কেনেকৈ জানো এক দুৰন্তৰ হেঁপাহ হৈ পৰিছিল, গমেই নাপালো৷ মালয়ালম ছবি ‘নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” খন চাই সেই হেঁপাহটো গৈ সাংঘাতিক জেদলৈ পৰিণত হ’ল। ”নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” - যাৰ অৰ্থ হৈছে ‘নীলা আকাশ, সেউজীয়া সমুদ্ৰ আৰু ৰঙা পৃথিৱী’। দুজন ল’ৰাই মটৰ চাইকেলেৰে প্ৰেয়সীৰ সন্ধানত ওলাই সুদীৰ্ঘ যাত্ৰাপথৰ বিভিন্ন বাধা বিঘিনি নেওচি কেৰেলাৰ পৰা তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ মাজেৰে আহি শেষত নাগালেণ্ডত প্ৰেয়সীৰ সৈতে মিলিত হোৱাৰ কাহিনী এটা ছবিখনত দেখুওৱা হৈছে। বিভিন্ন নাটকীয় ঘটনাৰ অন্তত নায়ক নায়িকাই অৰুণাচল প্ৰদেশৰ টাৱাং জিলা অভিমুখে ৰাওনা হোৱা দৃশ্যাংশৰে ছবিখন শেষ হয়। যাত্ৰাপথত দুয়োজন নায়কে সম্মুখিন হোৱা বিভিন্ন ঘটনাৱলী, চৰিত্ৰাদিৰ আটকধুনীয়া আৰু মনোগ্ৰাহী উপ...