❤️ প্ৰেম আৰু প্ৰেম ❤️
প্ৰিয়া আৰু অৰ্জুন, বাল্যবন্ধু। ঘৰুৱা চিনাকী। প্ৰাইমাৰী স্কুলৰ পৰাই দুয়ো একেলগে। ল'ৰালিৰ বন্ধুত্ব গৈ কলেজত জোৰদাৰ প্ৰেম হ'ল। দুয়ো ইজনে সিজনক ইমানেই ভাল পায়, এক মুহূৰ্ত্তও নেদেখাকৈ থাকিব নোৱাৰে। ক্লাচৰ ভিতৰেই হওঁক, কলেজৰ কেন্টিনতেই হওঁক বা কলেজৰ সম্মুখৰ এচি ৰেস্তোৰাঁখনতেই হওঁক দুয়োটা একেলগে। কেম্পাচৰ ভিতৰৰ গছৰ তলত সিহঁত নবহে; টিকা ফটা ৰ'দত কোন বহিব তাত! দুয়োৰে মৰমে কেতিয়াবা অন্য ৰূপো লয়। অৰ্জুনে আন ছোৱালীৰ ফালে চালে প্ৰিয়াৰ ভীষণ খং, কথা পাতিলেতো নিস্তাৰ নাই। সিহঁতৰ মৰম সেইদিনা মাৰপিটলৈকেও যায়। দুয়োৰে সৰু-সুৰা ধেমেলীয়া কথাবোৰ আমি খুউব ভাল পাইছিলোঁ। এদিন ক্লাছৰ শেষত অৰ্জুনে বাহিৰতে ৰৈ আপোনমনে কিবা ভাবি আছিল। হঠাতে তাত ওলালহি প্ৰিয়া। আহিয়েই চিঞৰি উঠিল তাই- : অই কাক চাই আছিলি? ৰিয়াক নে? : নাইতো! তোলৈকে ৰৈ আছোঁ। : ইয়ে...হয় নেকি? ব'ল যাওঁ তেন্তে। : ব'ল ব'ল। দুয়ো ঘৰমুৱা হয়। অৰ্জুনৰ ঘৰ প্ৰথমতে পাই যদিও অলপ আগুৱাই তাইক নমাই থৈহে সি আহি ঘৰত সোমায়। গেটখন খুলি ভিতৰলৈ সোমাব খুজিও এখোজ পিছুৱাই আহিল প্ৰিয়া। বাইকখনত হাতখন থৈ অৰ্জুনৰ চকুলৈ চাই ক'বলৈ ধৰিলে-...