আইনা
আইনাখনত চকু ফুৰাই আচৰিত হ'ল ডেইৰী প্ৰীয়া। একান্তমনে নিজকে নিজে চাবলৈ ধৰিলে। “এ..ই...য়া কোন? ই...মা...ন ধুনীয়াকৈ সজাইছে নিজকে? এয়া মইনে আন কোনোবা?“ দেহৰ ভাজে ভাজে খাপ খাই পৰা মখমলি কাপোৰযোৰে ঠিক আগৰ দৰেই চকুত লগা কৰি তুলিছে তেওঁক। প্ৰয়াত স্বামী হৰ্ষিল বৰুৱাই আজিৰ পৰা বহুবছৰ আগতে উপহাৰ দিছিল জন্মদিনত। হৃদয়ৰ কোনোবাটো কোণত সযতনে সামৰি ৰখা স্মৃতিবোৰে উজ্জ্বলাই তুলিছে মুখমণ্ডল। পুৰণি বাকচ এটা পৰিষ্কাৰ কৰিবলৈ লওঁতে কঁপা কঁপা হাতখনে নজনাকৈয়ে কাপোৰযোৰ উলিয়াই আনিছিল। আইনাখনলৈ চাই ক'ৰবাত হেৰাই গ'ল বৃদ্ধাগৰাকী। তেওঁ যেন আকৌ বিশ বছৰীয়াজনী হৈ উৰি ফুৰিছে আকাশৰ মাজে মাজে। ডাৱৰৰ টুকুৰাবোৰত এখনৰ পিছত আনখন ভৰি থৈ আগুৱাই গৈছে দিগন্তলৈ। হাতেৰে তৰাবোৰ চুই গৈছে৷ মাজতে এচাটি বতাহে ঠেলি আনি পেলাই দিছে তলত৷ আকৌ উঠিছে তেওঁ। এইবাৰ আগুৱাই গৈছে আন এচপৰা মেঘত ভৰিখন থবলৈ। হঠাতে গহীন হৈ পৰিল মানুহজনী৷ এটুকুৰা মেঘৰ আঁৰৰ পৰা সেয়া হৰ্ষিলে হাত বাউল দি মাতিছে নেকি! উৰি আহি এতিয়াই যেন সাবটি ধৰিবহি। “নাই! তেওঁ হ’ব নোৱাৰে!“ স্বামী হৰ্ষিল আঁতৰি যোৱাৰ পিছতো নিজকে অকলশৰীয়া অনুভ...