বহুদিন বকুলৰ মালা গঁথা নাই
(১) মথাউৰিৰ পৰা তললৈ বিয়পি থকা বৃহৎ গছজোপাৰ পিছফালেৰে নিৰৱে বৈ গৈছে নদীখন৷ পাৰত বকুল আৰু মালা - দুয়ো দুয়োৰে হাতত হাত থৈ বহিছে। নৈৰ পানীৰ পৰা চিটিকি অহা বেলিটোৰ ৰাঙলী আভাখিনি গালে মুখে সিঁচৰতি হৈ পৰিছিল। দুয়ো নিমাত। মালাৰ সোঁহাতখন দুহাতৰ মাজত আলফুলে সাৱতি বকুলে তাইৰ অনামিকা আঙুলিটোত পিন্ধি থকা কণমানি আঙঠিটো লিৰিকি বিদাৰি চাই আছে। তাৰ বাওঁকান্ধত মূৰটো পেলাই কাষ চাপি বহিছে মালা। থোকাথুকি মাতেৰে কিবা ক’ব খুজিও তাই ক’ব পৰা নাই; কেৱল বকুলৰ চকুলৈ চাই ৰৈছে। সন্ধিয়া কেতিয়াবাই লাগিল। পথাৰৰ গৰু - ছাগলীবোৰ পোৱালি সহিতে ঘৰাঘৰি হ’ল। সিহঁত দুয়োটাহে তেতিয়াও বহি আছিল। বহু সময়ৰ নিৰৱতা ভাঙি কঁপা কঁপা মাতটোৰে তাই ক’লে - : যাবৰ সময় হ’ল...