ভাল পাওঁ বুলি এবাৰো নাপালা কৈ
ফুল সা খিল কে পাস আ দিল কে দূৰ সে মিলকে চেইন না আয়ে অউৰ কব তক মুঝে তৰপায়েগী তু ..... মেৰে সপনো কি .... ৰাণী কব ... আয়েগী তু ... আই ৰুত ..... মস্তানি .... বাছৰ স্পীকাৰত কিশোৰ কুমাৰৰ গীতটো উচ্চ স্বৰত বাজি আছিল । গীতৰ কলিটো অমিতেও মুখৰ ভিতৰতে গুণগুণাই চালে । প্ৰিয় গীতটো ৰ তালে তালে নিজকে ৰাজেশ খান্না আৰু সম্মুখৰ জনী শৰ্মিলা ঠাকুৰৰ দৰে লাগিল তাৰ । পাৰ্থক্য মাথো , ৰাজেশ খান্নাৰ দৰে সমান্তৰালকৈ জীপৰ ওপৰত নাথাকি সি যেনিবা নায়িকাৰ লগত একেখন বাছতেই বহি আছে । যান - জঁটৰ বাবে বাছখনৰ গতি যঠেষ্ট লেহেমীয়া । সম্মুখৰ ছোৱালীজনীৰ চুলি কেইডালমান উৰি আহি তাৰ চকুৱে মুখে কোবাই গৈছে । বাৰে বাৰে আমনি কৰি থকা আবেলিৰ ৰঙা বেলি টোৰ আভাখিনি হাতেৰে বাধা দিব লৈ চেষ্টা কৰি থকাৰ পৰাই তাই পিছলৈ দুবাৰমান ঘূৰি চাইছে । এবাৰ চকুতে চকু পৰাত ...